অসমঅসমীয়া

আৰক্ষীৰ অভিযান ৩০ লাখ টকা মূল্যৰ ধঁপাতসহ জব্দ দুখন ট্ৰাক, গ্ৰেপ্তাৰ ৪ জন

নিউজ ডেস্ক। এইবাৰ আৰক্ষীৰ অভিযানত জব্দ কৰা হ’ল ধঁপাত কঢ়িওৱা দুখনকৈ ট্ৰাক।

কোকৰঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম-পশ্চিমবংগৰ সীমান্তৱৰ্তী শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত জব্দ দুখনকৈ ট্ৰাক।

ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা ধঁপাত কঢ়িওৱা ট্ৰাক দুখনৰ নম্বৰ হৈছে এন এল ০১ এ এ ৫৬১৭ আৰু এ এছ ২৫ ডি চি ০৬৭০।

জানিব পৰা মতে, পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ দিনহাটাৰ পৰা তিনিচুকীয়া জিলালৈ অবৈধভাৱে ধপাতসমূহ কঢ়িয়াই নিয়া হৈছিল।

আৰক্ষীয়ে জব্দ কৰা ধপাতৰ বজাৰ মূল্য প্ৰায় ৩০ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ট্ৰাক দুখনৰ চালকদ্বয় জামিৰুল মিঞা আৰু মুক্লেছুৰ ৰহমান আৰু খালাচী মইনুল হ’ক আৰু আমিনুল ইছলাম নামৰ লোককেইজনকো গ্ৰেপ্তাৰ কৰে।

অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *