অসম

আৰক্ষীৰ অভিযানত জব্দ ২০ লাখ টকাৰ নিচাজাতীয় টেবলেট আৰু ৮৫ বস্তা চুপাৰি…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই শিলচৰ আৰক্ষীয়ে লাভ কৰিছেবৃহৎ সফলতা৷

শিলচৰ থানাধীন ৰাংঙিৰখাৰি আৰক্ষী চকীৰ এটা দলে এখন সন্দেহ জনক ট্ৰাকত অভিযান চলাই জব্দ কৰিছে ম্যানমাৰত প্ৰস্তুত কৰা WY বা ইয়াবা টেবলেট।

শিলচৰ সোনাই ৰোডৰ নাগাটিলাত AS O1- DC 7693 নম্বৰৰ এখন ট্ৰাকত অভিযান চলাই জব্দ কৰিছে ৩৯ হাজাৰ ৬০০টা নিচাজাতীয় টেবলেট।

চুপাৰীৰ বস্তাৰ তলত চাৰিটা কাৰ্টনত লুকুৱাই অনা হৈছিল টেবলেট খিনি৷

ট্ৰাকখনৰ পৰা ৮৫টা বস্তা সন্দেহ জনক চুপাৰী জব্দ কৰিছে আৰক্ষীয়ে।

আৰক্ষীৰ মতে জব্দ কৰা টেবলেট খিনিৰ মুল্য প্ৰায় ২০ লাখ টকা৷ আনহাতে, জব্দ কৰা চুপাৰীৰ মূল্যও কেবা লাখ টকা হব বুলি অনুমান কৰা হৈছে৷

টেবলেট আৰু চুপাৰি খিনি মিজোৰামৰ পৰা শিলচৰলৈ অনা হৈছিল বুলি সন্দেহ আৰক্ষীৰ৷

ইফালে, আৰক্ষী উপস্হিত হোৱাৰ ট্ৰাকৰ চালক পলাই যাবলৈ সক্ষম হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *