অসম

আৰক্ষীৰ অভিযানত জব্দ নকল সোণৰ নাও, আটক ৯জন…

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে নকল সোণৰ বেহা।

আৰক্ষীৰ অভিযানত উদ্ধাৰ নকল সোণৰ নাও।

গহপুৰৰ টকৌবাৰীৰ বৃহস্পতিবাৰে সোণ ক্ৰয় কৰিবলৈ আহিছিল ঝাড়খণ্ডৰ ৮ জনীয়া এটা দল ।

টকৌবাৰীৰ ধনঞ্জয় শইকীয়া নামৰ লোকজনৰ ঘৰত সাত লাখ টকাৰ বিনিময়ত প্ৰায় ডেৰ কেজি ওজনৰ সোণ ক্ৰয় কৰি উভতাৰ পথত নিশা শালনিবাৰী আৰক্ষীৰ তালাচীৰ সময়ত ধৰা পৰে সোণ সহ যুৱকৰ দলটো।

ধৃত যুৱক কেইজন ঝাৰখণ্ডৰ বিজয় কুমাৰ মাহাতু, অৰুণ কুমাৰ, মুন্না কুমাৰ, দিপেশ কুমাৰ,ৰৌশন কুমাৰ, অমিত কুমাৰ ৰাম, মুচিত আনচাৰী, পশ্চিম বংগ কোচবিহাৰৰ চফিউল মহম্মদ আৰু গহপুৰৰ টকৌবাৰীৰ ধনঞ্জয় শইকীয়াক আটক কৰি হেলেম আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *