আৰক্ষীৰ অভিযানত জব্দ অবৈধ অৰুণাচলী সুৰাভৰ্তি কন্টেইনাৰ…

অৰুণাচলৰ পৰা ৰাষ্ট্ৰীয় ঘাই পথেৰে সৰবৰাহ কৰা সুৰাভৰ্তি কন্টেইনাৰ বাহন জব্দ।

বুধবাৰে কলিয়াবৰ চুলুং আৰক্ষীয়ে জব্দ কৰে বাহনখন।

কলিয়াভোমোৰা দলঙৰ সমীপৰ পৰা চুলুঙ আৰক্ষীয়ে জব্দ কৰে অৰুণাচলী সুৰা ভৰ্তি কন্টেইনাৰখন।

প্ৰায় ১৫ লাখ টকাৰ মূল্যৰ ১৫০০ কেচ অৰুণাচলী সুৰা জব্দ কৰে আৰক্ষীয়ে।

এ এচ০১এন চি-৪৯২৪ নম্বৰৰ কন্টেইনাৰখনৰে ভালুকপুঙৰ পৰা সৰবৰাহ কৰিছিল সুৰাখিনি।

জব্দ কৰা গাড়ীখনৰ নথি-পত্ৰ সহ আৰক্ষীয়ে চমজাই দিয়ে কলিয়াবৰ আবকাৰীক।

Leave a Comment