আৰক্ষীৰ অভিযানত গঁড়ৰ খড়্গসহ আটক চোৰাং ব্যৱসায়ী কাদিৰ আহমেদ…

আৰক্ষীৰ অভিযানত গঁড়ৰ খড়্গসহ আটক চোৰাং ব্যৱসায়ী

যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে এক অভিযান চলাই গঁড়ৰ খৰ্গসহ এজন চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে।

যোৰহাট মহবন্ধা পথত চলোৱা তালাচীৰ সময়তে আৰক্ষীয়ে চোৰাং ব্যৱসায়ীজনক আটক কৰে।

গঁড়ৰ খৰ্গৰ সৈতে আটক হোৱা চোৰাং ব্যৱসায়ীজন তিতাবৰৰ চেঙেলি চেতিয়া গাঁৱৰ কাদিৰ আহমেদ।

বৰ্তমান চোৰাং ব্যৱসায়ীজনৰ পৰা অধিক তথ্য সংগ্ৰহৰ বাবে সোধা-পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে।