অসম

আলফা স্বাধীনৰ অন্যতম সদস্য সমীৰণ সোণোৱাল ওৰফে যাদৱ অসমক গ্ৰেপ্তাৰ…

পুনৰ আলফা স্বাধীনত মোক্ষম আঘাত।

আলফা স্বাধীনৰ অন্যতম সদস্য সমীৰণ সোণোৱাল ওৰফে যাদৱ অসমক গ্ৰেপ্তাৰ।

অসম অৰুণাচল সীমান্তত আটক সমীৰণ সোণোৱাল ওৰফে যাদৱ অসমক।

অসম অৰুণাচল সীমান্তৰ টীংকুপানী সংৰক্ষিত বনাঞ্চলৰ এখন দলঙৰ সমীপত অসম ৰাইফলছে আটক কৰে যাদৱ অসমক।

২০২০ চনৰ ‘কা’ আন্দোলনৰ সময়ত আলফাত যোগ দিছিল সমীৰণ সোণোৱাল ওৰফে যাদৱ অসমে।

যাদৱ অসমৰ ঘৰ তিনিচুকীয়াৰ ইনথেম নগাপথাৰত বুলি জানিব পৰা গৈছে।

আটকাধীন আলফাৰ সদস্য জনৰ পৰা জব্দ এটা পিষ্টল, মেগজীন, সক্ৰীয় গুলী আৰু বহু আপত্তিজনক নথিপত্ৰ।

সম্প্ৰতি লেখাপানী আৰক্ষীৰ জিম্মাত যাদৱ অসম।

Leave a Reply

Your email address will not be published. Required fields are marked *