আলফাৰ স্বাধীনতা দিৱস বর্জনৰ ভাবুকি অপ্ৰাসংগিকঃ পাৰ্থ সাৰথি মহন্ত

৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন।

আজিৰে পৰা তিনিদিনীয়াকৈ দেশত উদযাপন হৈছে স্বাধীনতা দিৱস। ঘৰে ঘৰে উৰিছে ত্ৰিৰংগা।

দেশৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী হাতত লোৱা হৈছে।

কিন্তু ইয়াৰ মাজতে আলফা স্বাধীনে ৰাজ্যবাসীক স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ আহ্বান জনাইছে।

অৱশ্যে আলফাৰ স্বাধীনতা দিৱস বর্জনৰ এই ভাবুকিক অপ্ৰাসংগিক আখ্যা দিছে অসম আৰক্ষীয়ে।

যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই কয়, ‘পূৰ্বৰ তুলনাত দুগুণ উলহ মালহেৰে উদযাপন হ’ব স্বাধীনতা দিৱস’।

তেওঁ লগতে কয় যে, মহানগৰীত বিভিন্ন ৰেলী আদিৰ কাৰ্যসূচী বাঢ়িছে সেয়ে এইবাৰ অধিক কঠোৰ হৈছে আৰক্ষী।

অইল চেক্টৰ, বাছ আস্থান, ৰেল ষ্টেশ্যনৰ লগতে আন আন অঞ্চলসমূহত অসম আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলিও মন্তব্য কৰে।

আলফাৰ কূটাঘাত হ’বলৈ দিয়া নহ’ব বুলিও কয় শীৰ্ষ আৰক্ষী বিষয়া মহন্তই।

উল্লেখ্য যে, আলফা স্বাধীয়ে ১৫ আগষ্টত স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ আহ্বান জনোৱাৰ লগতে ১৫ আগষ্টৰ দিনা অসম বন্ধৰ ঘোষণা কৰিছে।