আলফা(স্বা) সদস্য হিমালয় অসমৰ আত্মসমৰ্প…

আলফা স্বাধীনত মোক্ষম আঘাট।

আলফাৰ জেষ্ঠ কেডাৰ হিমালয় অসম ওৰফে যোগেন মিলিৰ আত্মসমৰ্পণ৷

শনিবাৰে আলফা সদস্য গৰাকীয়ে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে৷

জানিব পৰা মতে, স্বাস্থ্যজনিত কাৰণত মুলসূতিলৈ উভিত আহিছে আলফা সদস্য গৰাকীয়ে৷

১৯৯৬ চনত আলফাত যোগদান কৰিছিল হিমালয় অসমে৷

আলফা সদস্য গৰাকীৰ ঘৰ শিৱসাগৰৰ দিচাঙ মুখত।

আলফা সদস্য গৰাকীয়ে ম্যানমাৰত থকা আলফাৰ GHQৰ পৰা পলায়ণ কৰি অহাৰ বিপৰীতে নিজ পত্নী কন্যাক ম্যানমাৰতে এৰি থৈ আহিছে৷

ইপিনে আলফা সদস্য গৰাকীয়ে কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ বৰ্তমালৈকে তিনিচুকীয়া আৰক্ষীৰ ওচৰত জমা দিয়া নাই বুলি জানিব পৰা গৈছে।

Leave a Comment