আমি সদায় আমাৰ নাগৰিকৰ বিৰুদ্ধে ঘটা সকলো অন্যায়ৰ বিৰুদ্ধে থিয় দিব লাগিবঃ মুখ্যমন্ত্ৰী

সোমবাৰে দুলীয়াজানত অসম আৰক্ষী অধীক্ষকৰ দ্বিতীয়খন সন্মিলন উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 

দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই সন্মিলনত ৩৪খন জিলাক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকে প্ৰায় ৯৪গৰাকী আৰক্ষী অধিক্ষকৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে মহকুমা আৰক্ষী বিষয়া। 

এই সন্মিলনত উপস্থিত থাকি ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘মই সুখী যে যোৱা কেইমাহমানত অসম আৰক্ষীয়ে বিভাগীয় সংস্কাৰ সাধনৰ দিশত এক নতুন গতি লাভ কৰিছে। কিন্তু আমাৰ এতিয়াও বহু কৰণীয় আছে।

আমি জনতাৰ কাষত সদায়েই থিয় দিব লাগিব কিন্তু একে সময়তে আমি শূন্য সহনশীল নীতিৰে সকলো অপৰাধীৰ বিৰুদ্ধে যথেষ্ট কঠোৰ হ’ব লাগিব। গুণগত মানৰ অনুসন্ধান আৰু গোচৰ সমাধান হৈছে এক সফল আৰক্ষী বাহিনীৰ মূল চাবিকাঠী।

আমি সদায় আমাৰ নাগৰিকৰ বিৰুদ্ধে ঘটা সকলো অন্যায়ৰ বিৰুদ্ধে থিয় দিব লাগিব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ।

প্ৰযুক্তি চালিত আৰক্ষী গঠন ৰাজ্য চৰকাৰৰ অন্যতম লক্ষ্য বুলি প্ৰকাশ কৰি অপৰাধৰ পৰিৱৰ্তনশীল অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ অসম আৰক্ষীয়ে অত্যাধুনিক প্ৰযুক্তিৰ অভিযোজন ঘটাব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে অসম আৰক্ষীৰ নিযুক্তিৰ ক্ষেত্ৰতো সকলো প্ৰক্ৰিয়া ১০ মে’ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

Leave a Comment