ৰাজ্যত চলি থকা চৰকাৰী বিদ্যালয়ৰ মাধ্যম সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
চৰকাৰী বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ চৰকাৰী সিদ্ধান্ত লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাক তীব্ৰ সমালোচনা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী শৰ্মাই কয়- আমি দল-সংগঠনক সুধি সিদ্ধান্ত নলও। চৰকাৰক সমালোচনা কৰাসকল বিদ্যালয়লৈ নাযায়।আমি শিক্ষক-শিক্ষাৰ্থী বা অভিভাৱকৰ কথাহে শুনিম’
ছাত্ৰৰ জীৱনৰ কথা কোৱা নেতাৰ বয়স কিমান বুলি প্ৰশ্ন কৰি মুখ্যমন্ত্ৰীয়ে কয়- আছুক সন্তুষ্ট কৰি যদি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লগা হয়, তেতিয়া মই আছুৰ অফিচত গৈ বহি থকাই ভাল হ’ব।
তেওঁ কয়- আমাক ভোট দিয়া ৰাইজৰ কথা ভাবিহে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। সাধাৰণ ঘৰৰ লৰা-ছোৱালীৰ ওপৰত অত্যাচাৰ কৰা কাৰ্য এৰক। আজি সাহিত্য সভাৰ বিষয়ববীয়াই নিজৰ ল’ৰা-ছোৱালী ক’ত পঢ়ৱাইছে? তেওঁলোকৰ সন্তানো চৰকাৰী বিদ্যালয়ত নপঢ়ে। অসম সাহিত্য সভাৰ সভাপতি কুল শইকীৰ ল’ৰা ইংৰাজী মাধ্যৰ বিদ্যালয়ত পঢ়িছে। নিজৰ ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমত দি, ৰিক্সা চালক ঠেলা চালকৰ ল’ৰা ছোৱালীৰ ওপৰত অত্যাচাৰ নকৰিব।
উল্লেখ্য যে, চৰকাৰী বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ চৰকাৰী সিদ্ধান্ত সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ সৈতে অসমৰ জাতীয় দল সংগঠনে বৈঠকত মিলিত হৈছে যদিও ইয়াৰ কোনো সমাধান সূত্ৰ উলোৱা নাই।
বৃহস্পতিবাৰৰ আলোচনাত চৰকাৰী বিদ্যালয়ৰ মাধ্যম বিতৰ্কক লৈ ঐক্যমতত উপনীত হ’ব নোৱাৰিলে আলোচনাকাৰী পক্ষ। চৰকাৰৰ কেবিনেটে লোৱা এই সিদ্ধান্তৰ ওপৰত কোনো সঠিক সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে জাতীয় আৰু জনগোষ্ঠীয় সংগঠনসমূহে।