আব্দুল খালেক অসমীয়া হয়নে নহয় সন্দেহ আছে, মোগল যেনহে লাগেঃ বিধায়ক দিগন্ত কলিতা…

মোগলৰ প্ৰশংসাত পঞ্চমুখ হোৱা সাংসদ আব্দুল খালেকক তীব্র সমালোচনা বিজেপি বিধায়ক দিগন্ত কলিতাৰ।

কমলপুৰ সমষ্টিৰ বিজেপি বিধায়কগৰাকীয়ে কয়, ‘আব্দুল খালেকে বুৰঞ্জী পঢ়িব লাগে। আব্দুল খালেক মোগল যেনহে লাগিছে। মুছলমানৰ ভোট লাগে কাৰণে মোগলৰ প্ৰিয় হৈ ভজন গাইছে। এতিয়া ভূপেন বৰাই স্পষ্ট কৰক কিয় তেওঁলোকৰ সাংসদে মোগলক প্ৰশংসা কৰিছে।’

তেওঁ লগতে কয়- গুৰুজনাৰ তিথিৰ দিনাই এনে মন্তব্য কৰাত দুখ অনুভৱ হৈছে। খালেকৰ মুখত লাচিতৰ নাম নোলাই, জাহাঙ্গীৰৰ নামহে ওলাই।’

‘আব্দুল খালেক অসমীয়া হয়নে নহয় সন্দেহ আছে। DNA টেষ্ট কৰিব লাগে খালেকৰ। আলাবৈ ৰণত ১০ হাজাৰ অসমীয়াক কটা মোগললৈ দৰদ আব্দুল খালেকৰ।’– বিধায়ক দিগন্ত কলিতাই। 

উল্লেখ্য যে, মোগলক সমৰ্থন জনায় আব্দুল খালেকে কৈছিল- মোগলেহে হিন্দুস্তানৰ আকাৰ এটা দিছিল। সেয়ে মোগলক লৈ মই গৌৰৱ কৰো, মোগলক লৈ মোৰ কোনো এলাৰ্জী নাই।

লগতে তেওঁ কৈছিল- মোগলসকল হাড়ে-হিমজুৱে ভাৰতৰ সৈতে একাত্ম হৈ গৈছিল। ঔৰংজেৱে উমানন্দক মাটিহে প্ৰদান কৰিছিল। আজিৰ দিল্লীও মোগলে গঢ় দিয়া বুলি প্ৰকাৰন্তে মুখ্যমন্ত্ৰীয়েও স্বিকৃতি দিছে। ভাৰতৰ স্বাধীন সংগ্ৰাম মোগলক বাদ দি অসম্পূৰ্ণ।