অসম

আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা…

আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা।

বিশ্বনাথ জিলা আবকাৰী বিভাগ জব্দ কৰে অবৈধ সুৰাখিনি।

As 25 CC-8900 নম্বৰৰ এখন ট্ৰাকত অবৈধ ভাবে গহপুৰৰ দিশৰ পৰা তেজপুৰ অভিমুখে অবৈধ অৰুণাচলী সুৰাখিনি লৈ গৈ থকা অবস্থাত বিশ্বনাথৰ প্ৰতাপগঢ় চাহ বাগিচাৰ সমিপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে সুৰা ভৰ্তি ট্ৰাকখন।

ইফালে আবকাৰী বিভাগৰ অভিযান কাৰী দলটোক দেখা লগে লগে অবৈধ সুৰা কঢ়িয়াই নিয়া ট্ৰাক চালকজন পলায়ন কৰে।

পিছত আবকাৰী বিভাগৰ দলটোয়ে কেৰেং গাড়ীৰ সহায়ত সুৰা ভৰ্তি ট্ৰাকখন লৈ আনে নিজৰ কাৰ্যালয়ত।

ট্ৰাকখনত অনুমানিক তিনি শ কাৰ্টুন অবৈধ সুৰা আছে বুলি জানিব দিছে আবকাৰী বিভাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *