অসম

আপোনাৰ অঞ্চলৰ মাথাউৰি খহিছে নেকি? খবৰ দিয়ক এইটো নম্বৰত…

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতিৰ।

চৌদিশে ওফন্দি অহা নৈবোৰে সন্ত্ৰাসিত কৰি তুলিছে নৈপৰীয়া জনতাক।

বিশেষকৈ নৈপৰীয়া আৰু মথাউৰিৰ ওচৰত থকা লোকসকলে পাৰ কৰিব লাগিছে বিনীদ্ৰ ৰজনী। 

ইয়াৰ মাজতে ৰাইজক সহায়ৰ বাবে অভিনৱ পদক্ষেপ লৈছে মন্ত্ৰী পীযুষ হাজৰীকাই।

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই মুকলি কৰিছে এটা হোৱাটছএপ (WhatsApp) নম্বৰ।

image 131

নম্বৰটো হৈছে- 97060-33333

অসমৰ যি কোনো ঠাইতে যদি মথাউৰি খহিছে তেন্তে এই উক্ত নম্বৰটোত ফটোসহ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।

লগতে ৰাইজৰ সমস্যা যৎপৰোনাস্তি সমাধানৰ চেষ্টা কৰা হ’ব বুলি আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে।