অসম

আন এক এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত নিহত ৮ বছৰীয়া শিশু ধৰ্ষণকাৰী ৰাজেশ মুণ্ডা…

ৰাজ্যত ২৪ ঘণ্টাত সংঘটিত হৈছে দুটাকৈ এনকাউণ্টাৰৰ ঘটনা।

গুৱাহাটীৰ পিছত দ্বিতীয়টো এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ ওৰাঙত।

ওদালগুৰিত আৰক্ষীৰ এনকাউণ্টাৰত নিহত এজন।

269

ওদালগুৰিত আৰক্ষীৰ গুলীত নিহত শিশু ধৰ্ষণৰ অভিযুক্ত ৰাজেশ মুণ্ডা।

শিশুক ধৰ্ষণ কৰি হত্যাৰ অভিযোগ আছিল ৰাজেশৰ বিৰুদ্ধে।

মাজবাটৰ লালপানীত সংঘটিত এই এনকাউণ্টাৰ।

উল্লেখ্য যে, যোৱা ১০ মাৰ্চত ধনশিৰি চাহ বাগিচাত ৰাজেশ মুণ্ডা নামৰ লোকজনে ৮ বছৰীয়া এটি শিশুক ধৰ্ষণ কৰি হত্যা কৰিছিল।

ইয়াৰ পিছতে মাজবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ধৰ্ষণত অভিযুক্ত ৰাজেশ মুণ্ডাক।

জানিব পৰা মতে, মঙলবাৰে নিশা আৰক্ষীৰ এটা দলে মুণ্ডাক লগত লৈ ধৰ্ষণকাণ্ড সংঘটিত কৰা অঞ্চললৈ লৈ গৈছিল। বাহনেৰে গৈ থকা অৱস্থাতে ধৰ্ষণকাৰী মুণ্ডাই আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই পলাবলৈ চেষ্টা চলোৱাত আৰক্ষীয়ে তেওঁলৈ লক্ষ্য কৰি গুলীচালনা কৰে।  

আনহাতে গুৱাহাটীৰ গাড়ীগাঁৱত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা পাঁচজন অভিযুক্তৰ এজনক মঙলবাৰে নিশা আৰক্ষীয়ে গুলীয়াই নিহত কৰে।

ৰাজ্যত বিগত ২৪ ঘণ্টাত আৰক্ষী এনকাউণ্টাৰত দুজনকৈ নিহত।

লগতে চাওকঃ

ঠিক হৈছিল বিয়াৰ দিন! কিন্তু নিয়তিয়ে কাঢ়ি লৈ গ’ল ঝুমা আৰু দিলীপৰ প্ৰাণ

G9 2

Leave a Reply

Your email address will not be published. Required fields are marked *