আনৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ নৈত জাঁপ দিলে সাহসী মেনকাই, কিন্তু ঘটিল কৰুণ ঘটনা…

নিউজ ডেস্ক। ধেমাজী জিলাৰ মাছখােৱাৰ লাইপুলীয়া নৈত সংঘটিত হ’ল এক শােকাৱহ ঘটনা।

নৈত গা ধুবলৈ গৈ পানীত ডুব যােৱা এটি ৯ বছৰীয়া শিশুৰ প্ৰাণৰক্ষা কৰিবলৈ নৈত জাঁপ দিলে মেনকা দাস (১৪) নামৰ এগৰাকী কিশােৰীয়ে।

কিন্তু আনৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ নিজেও দুৰ্ভাগ্যক্ৰমে মৃত্যুক আঁকােৱালি ল’ব লগীয়া হয় মেনকাই।

এই ঘটনাই তীব্ৰ শােকৰ ছাঁ পেলাইছে বৃহত্তৰ মাছখােৱা অঞ্চলত।

298120438 1342918486115630 1267967908505743894 n
আনৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ নৈত জাঁপ দিলে সাহসী মেনকাই, কিন্তু ঘটিল কৰুণ ঘটনা... 5

উল্লেখ্য যে বিগত সােমবাৰে সংঘটিত হয় এই ঘটনা।

মংগলবাৰে উদ্ধাৰ হয় মেনকা দাসৰ লগতে শিখামণি দেৱী নামৰ শিশুটিৰ মৃতদেহ।

মেনকা দাস মাছখোৱা পথলিয়াল গাঁও নিবাসী শিৱ দাস আৰু মুগী দাসৰ কন্যা।

মৃত মেনকা দাস মাছখােৱা টাউন হাইস্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত আছিল।

298104377 1342918562782289 4362827797783543069 n
আনৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ নৈত জাঁপ দিলে সাহসী মেনকাই, কিন্তু ঘটিল কৰুণ ঘটনা... 6

আনহাতে, ৯ বছৰীয়া শিশুটিৰ একে গাঁৱৰে তম্বিৰ সিং আৰু চুমচুমী দেৱীৰ কন্যা শিখামণি দেৱী (৯)।

মংগলবাৰে পুৱা প্ৰায় ১০ বজাত নদীখনৰ ঘটনাস্থলীৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰত্বত উৰিয়ামগুৰি দলঙৰ ওচৰত শিখামণিৰ মৃতদেহ আৰু কিছু দূৰত মেনকা দাসৰ মৃতদেহ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

297160301 1342918452782300 9007501776305584733 n
আনৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ নৈত জাঁপ দিলে সাহসী মেনকাই, কিন্তু ঘটিল কৰুণ ঘটনা... 7

লগে লগে দুয়োগৰাকী কিশোৰীৰ মৃতদেহ মাছখোৱা আৰক্ষীৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ পঠোৱা হয়।

পৰীক্ষাৰ অন্তত কিশোৰী দুগৰাকীৰ মৃতদেহ দুটা স্থানীয় গাঁওবুঢ়াৰ উপস্থিতিত পৰিয়ালৰ লোকক চমজাই দিয়ে মাছখোৱা আৰক্ষীয়ে।

অতি শােকাকুল পৰিৱেশত দুয়ােগাকী শিশু-কিশােৰীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

লগতে চাওকঃ

মৰ্মান্তিক! পথাৰত ভূঁই ৰুই ঘৰলৈ ওভতাৰ পথত বজ্রাঘাতত প্ৰাণ গ’ল ২੦ বছৰীয়া যুৱতীৰ, আহত এগৰাকী মহিলা

G5 3
আনৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ নৈত জাঁপ দিলে সাহসী মেনকাই, কিন্তু ঘটিল কৰুণ ঘটনা... 8