আনুষ্ঠানিকভাৱে আদানিৰ অধীনলৈ গ’ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ…

আদানী গ্ৰুপৰ অধীনলৈ গ’ল বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰ।

৮ অক্টোবৰ শুকুৰবাৰে গুৱাহাটীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো আদানি গ্ৰুপক আনুষ্ঠানিক ভাৱে হস্তান্তৰ কৰা হয়।

বিমানবন্দৰটোৰ অভিযান, ব্যৱস্থাপনা আৰু উন্নয়নৰ দায়িত্ব এতিয়াৰে পৰা আদানি গ্ৰুপৰ হাতত থাকিব।

উত্তৰ-পূবৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ সাংকেতিক চাবি ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সঞ্চালক ৰমেশ কুমাৰে আদানী গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেডৰ চীফ এয়াৰপোৰ্ট অফিচাৰ উৎপল বৰুৱাক দায়িত্ব হস্তান্তৰ কৰে।

ইতিমধ্যে আদানী গ্ৰুপে অসমীয়া বিষয়া উৎপল বৰুৱাক গুৱাহাটী বিমনাবন্দৰৰ চীফ এয়াৰপৰ্ট অফিচাৰ হিচাপে নিযুক্তি দিছে।

উৎপল বৰুৱা নতুন বিমানবন্দৰ অপাৰেটৰৰ মুখ্য বিমানবন্দৰ বিষয়া।

উল্লেখ্য যে ভাৰত চৰকাৰে ২০১৮ চনত দেশৰ ৬ টা বিমানবন্দৰ ৫০ বছৰৰ বাবে ব্যক্তিগতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

গুৱাহাটী বৰঝাৰস্থিত লোক প্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ উপৰিও আন কেইটা বিমানবন্দৰ আছিল ক্ৰমে- আহমেদাবাদ, লক্ষ্ণৌ, মাংগালোৰ, জয়পুৰ আৰু তিৰুৱন্তপুৰম।

উল্লেখ্য যে, গুৱাহাটী বিমানবন্দৰৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষৰ প্ৰতিবাদ অব্যাহত আছে।

এই প্ৰতিবাদৰ মাজতেই সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণ হ’ল গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। বিমানবন্দৰ

Leave a Comment