অসমঅসমীয়া

আজি ৬১ বছৰীয়া হ’ল গুৱাহাটী ৰিফাইনেৰী

নিউজ ডেস্ক। নতুন বছৰৰ প্ৰথম দিনটােতে ৬১ বছৰ পূৰ্ণ কৰিলে গুৱাহাটীৰ তেল শােধনাগাৰে।

উল্লেখ্য ইংৰাজী ১৯৬২ বছৰৰ আজিৰ দিনটােতে গুৱাহাটীৰ নুনমাটিত স্থাপন কৰা হৈছিল দেশৰ ৰাজহুৱা খণ্ডৰ প্ৰথমটাে ৰিফাইনেৰী -গুৱাহাটী শােধনাগাৰ।

১৯৬২ চনত ৰোমানিয়াৰ সহায়ত ১৭.২৯ কোটি টকা ব্যয়েৰে এই শোধনাগাৰটো স্থাপন কৰা হৈছিল।

ইয়াৰ ক্ষমতা হৈছে বাৰ্ষিক ১ নিযুত মেট্ৰিক টন।

তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুয়ে শোধনাগাৰটো উদ্বোধন কৰিছিল।

FlS5kxUaUAApBaE

বৰ্তমান ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডে ইয়াৰ পৰিচালনা কৰে।

গুৱাহাটী শোধনাগাৰ অসমৰ দ্বিতীয় তেল শোধনাগাৰ।

বৰ্তমান এই শোধনাগাৰৰ উৎপাদিত মুখ্য সামগ্ৰীবোৰ হৈছেঃ

  • ৰন্ধনগেছ
  • মটৰ স্পিৰিট (পেট্ৰ’ল)
  • এভিয়েচন টাৰ্বাইন ফুৱেল (এটিএফ)
  • কেৰাচিন
  • উচ্চ গতিৰ ডিজেল
  • পাতল ডিজেল তেল আৰু কেঁচা পেট্ৰ’লিয়াম কোক।