আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি৷
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মহাপুৰুষজনাৰ তিৰোভাৱ তিথিৰ আয়োজন।
ভকত-বৈষ্ণৱৰ নাম-কীৰ্তনত মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ-বতাহ।
১৪৮৯ চনত লক্ষীমপুৰৰ নাৰায়ণপুৰত গোবিন্দগিৰি জন্মগ্ৰহণ কৰা মহাপুৰুষজনাই অসমীয়া সাহিত্য-সংস্কৃতিৰ ভড়াললৈ মেটমৰা অৱদান আগবঢ়াই ১৫৯৬ চনত কোচবিহাৰত ইহলীলা সম্বৰন কৰে।
বাৰকুৰি বৰগীতৰ (বৰ্তমান ১৫৭টা উপলব্ধ) স্ৰষ্টা মহাপুৰুষ মাধৱদেৱৰ অসমীয়া সমাজ জীৱনলৈ অৱদান অপৰিসীম।
গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে পুৱাৰে পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ, নামঘৰসমূহ। ধ্বনিত হৈছে হাজাৰী ঘোষা।
সাহিত্য-সংস্কৃতিৰ পূজাৰী, অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনাৰ তিৰোভাৱ তিথিত আমিও জনাইছো গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত।