অসম

আজি ধন-ঐশ্বয্যৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ পূজা…

আজি ধন -ঐশ্বয্যৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ পূজা।

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মা লক্ষ্মীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি।

দেৱীৰ আশীষ বিচাৰি ভক্তসকলে মহালক্ষ্মীক আৰধনা কৰা পৰিলক্ষিত হৈছে।

কোনো কোনো অঞ্চলত দুই-তিনিদিনীয়াকৈ উদযাপন কৰা হ’ব লক্ষ্মী পূজা।

সজাই তোলা হৈছে লক্ষ্মী পূজাৰ বাবে সাজু কৰি তোলা পূজা মণ্ডপৰ লগতে মন্দিৰসমূহ সমূহ।

ইতিমধ্যে মৃণ্ময় প্ৰতিমা সাজু কৰি তুলিছে শিল্পীসকলে।

মুঠতে আজিৰ দিনটোত লক্ষ্মী বন্দনাৰে মুখৰিত হ’ব সমগ্ৰ ৰাজ্য।

দেৱী লক্ষ্মীৰ আশীৰ্বাদ হ’লে ভক্তৰ জীৱন সমৃদ্ধিশালী হয় বুলি এক ধাৰণা বা লোক বিশ্বাস আছে।

এই বিশ্বাসক সাৰোগত কৰিয়েই দেৱীৰ আশীষ বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভক্তসকলে মহালক্ষ্মীক আৰধনা কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *