আজি ঘোষিত হ’ব HSLC-হাই মাদ্ৰাছা বিশেষ পৰীক্ষাৰ ফলাফল…

আজি ঘোষিত হ’ব HSLC-হাই মাদ্ৰাছা বিশেষ পৰীক্ষাৰ ফলাফল।

ক’ভিডকালীন পৰিস্থিতিৰ বাবে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ পৰীক্ষা নপতাকৈ ফলাফল ঘোষণা কৰাৰ পিছত ৰাজ্যত ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ কৰা ছাত্ৰ–ছাত্ৰীক লৈ বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।

এই পৰীক্ষাৰ ফলাফল বুধবাৰে ঘোষণা কৰা হ’ব বুলি প্ৰকাশ কৰিছে শিক্ষা বিভাগে।

sebaonline.org ৱেবছাইটত উপলব্ধ হ’ব পৰীক্ষাৰ ফলাফল।

বুধবাৰে পুৱা ১১ বজাত ৱেবছাইটযোগে প্ৰকাশ পাব পৰীক্ষাৰ ফলাফল।

ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে এই কথা সদৰি কৰিছে।

উল্লেখ্য যে, ১৯৩০৫ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল এই বিশেষ পৰীক্ষাত।

Leave a Comment