অসমঅসমীয়া

আজি আত্মসমৰ্পণ কৰিব কিশোৰী নিৰ্যাতনৰ অভিযুক্ত উদ্ধৱ ভৰালীয়ে

আজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিব পদ্মশ্ৰী সন্মানপ্ৰাপক উদ্ধৱ ভৰালীয়ে।

এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰৰ অভিযোগত অভিযুক্ত উদ্ধৱ ভৰালীক গ্ৰেপ্তাৰৰ পথ প্ৰশস্ত হৈছে আৰক্ষীৰ।

উল্লেখ্য যে, পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে উদ্ধৱ ভৰালীয়ে কেচ ডায়েৰী শুনি অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছিল।

1-2

কিন্তু পৰৱৰ্তী সময়ত ন্যায়ালয়ে ভুক্তভোগী কিশোৰীগৰাকীৰ বাণীবদ্ধ ভাষ্য শুনাৰ পিছত ভৰালীৰ জামিন আবেদন নাকচ কৰে। তাৰ পিছতে অভিযুক্ত উদ্ধৱ ভৰালীৰ গ্ৰেপ্তাৰৰ পথ প্ৰশস্ত হৈ পৰে আৰক্ষীৰ বাবে।

প্ৰণিধানযোগ্য যে, পদ্মশ্ৰী সন্মানেৰে সন্মানিত উদ্ধৱ ভৰালীয়ে তুলি লোৱা এগৰাকী কিশোৰীক এবছৰ ধৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

ইয়াৰ পিছতে ৫ জানুৱাৰীত আৰক্ষীয়ে উদ্ধৱ ভৰালীয়ে বিৰুদ্ধে গোচৰ ৰুজু কৰে যদিও উচ্চ ন্যায়ালয়ে অভিযুক্তক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰে।

লগতে চাওকঃ

কাৰাগাৰৰ কুঠৰীত ‘যন্ত্ৰ আৰু যন্ত্ৰণা’ লিখিব উদ্ধৱ ভৰালীয়ে, ক’লে- মই ষড়যন্ত্ৰৰ বলি হৈছোঁ…

G4

Leave a Reply

Your email address will not be published. Required fields are marked *