আজি অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি আহিব ডিমাচা নেশ্যনেল লিবাৰেশ্যন আৰ্মী (DNLA)ৰ সদস্যসকল।
আজি অৰ্থাৎ শনিবাৰে ডিমা হাচাও জিলাৰ মাইবাং মহকুমাত অস্ত্ৰ সম্বৰণ কৰিব।
যোৱা মাহত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত DNLA আৰু অসম চৰকাৰৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছিল।
স্বাক্ষৰিত চুক্তি অনুসৰিয়েই সংগঠনটোৰ কেডাৰসকলে নিজৰ নিজৰ অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি আহিব।
টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত বাতৰি অনুসৰি, শনিবাৰে মাইবাঙৰ খেপৰেৰ এখন খেলপথাৰত এক অনুষ্ঠানত কেডাৰসকলে অস্ত্ৰ সম্বৰণ কৰিব।
অস্ত্ৰ সম্বৰণ অনুষ্ঠানত ৰাজ্যৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (বিশেষ শাখা) হীৰেন নাথ উপস্থিত থকাৰ সম্ভাৱনা আছে।









