আজি অভিশপ্ত ৩০ অক্টোবৰ! কাল অমানিশাৰ দিনটোৰ সম্পূৰ্ণ হ’ল ১৪টা বছৰ…

আজি অভিশপ্ত ৩০ অক্টোবৰ।

অভিশপ্ত দিনটোৰ সম্পূৰ্ণ হ’ল ১৪টা বছৰ।

২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনটোত সন্ত্ৰাসবাদীৰ ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল অৰ্ধশতাধিকে।

গণেশগুৰি, পাণবজাৰ, কাছাৰীত সংঘটিত হৈছিল বিস্ফোৰণ।

একেসময়তে বঙাইগাঁও, বৰপেটা, কোকৰাঝাৰতো হৈছিল বিস্ফোৰণ।

এই বিস্ফোৰণত মুঠ ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হয় ৪৭০ জন লোক।

আজি সেই অভিশপ্ত দিনটোৱে অতিক্ৰম কৰিলে ১৪টাকৈ বছৰ।

বহুজনে হেৰুৱাইছিল জীৱন, বহুজনে আকোৱালি লৈছিল পংগুত্ব, বহুজনে হেৰুৱাইছিল আত্মীয়ক।

এই ধাৰাবাহিক বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড আছিল এন.ডি.এফ.বিৰ ৰঞ্জন দৈমাৰী।

এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ জনক ১০ বছৰৰ অন্তত ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল।

বৰ্তমানে কাৰাগাৰত জীৱন অতিবাহিত কৰিছে আটাইকেইজন দোষীয়ে।