অসম

আঘাতৰ বাবে কমনৱেলথ গেমছৰ ট্ৰায়েলৰ পৰা বাহিৰ হ’ল মেৰী কম…

কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিব নোৱাৰিব বক্সাৰ এম চি মেৰী কমে।

image 115

ভৰিত আঘাত পোৱাৰ বাবেই কমনৱেলথ গেমছৰ ট্ৰায়েলৰ পৰা বাহিৰ হ’ল মেৰী কম।

শুকুৰবাৰে কমনৱেলথ গেমছৰ ৪৮ কিলোগ্ৰাম ট্ৰায়েলৰ মাজতে নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে অভিজ্ঞ ভাৰতীয় বক্সাৰ এম চি মেৰী কম।

image 113

৪৮ কিলোগ্ৰাম ছেমি ফাইনেলৰ প্ৰথম ৰাউণ্ডত ছয়বাৰৰ বিশ্ব চেম্পিয়নগৰাকী আঘাতপ্ৰাপ্ত হয়।

প্ৰত্যাহাৰৰ লগে লগে হাৰিয়ানাৰ নীতুৱে ইয়াত থকা ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত কমনৱেলথ গেমছৰ ট্ৰায়েলৰ ফাইনেলত প্ৰৱেশ কৰে।

যোৱা কমনৱেলথ গেমছৰ (২০১৮) স্বৰ্ণ পদক বিজয়ী মেৰী কম বাউটৰ প্ৰথম ৰাউণ্ডত ৰিঙত পৰিছিল।

image 114

৩৯ বছৰীয়া বক্সাৰগৰাকীয়ে উঠি প্ৰতিযোগিতা কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু অলপ পিছতে তেওঁৰ ভাৰসাম্য নষ্ট হ’ল আৰু বাওঁ ভৰি সাৱটি বহি পৰিল।

তাৰ পিছত তেওঁ ৰিঙৰ বাহিৰলৈ যাব লগা হৈছিল আৰু ৰেফাৰীয়ে নীতুক বিজয়ী ঘোষণা কৰে।