অসম

অসম সন্তানৰ চমকঃ জুইশলা কাঠিৰে নিৰ্মাণ কৰি উলিয়ালে ৰংঘৰ, আইফেল টাৱাৰ…

এগাৰকী অসম সন্তানৰ চমক।

জুইশলা কাঠিৰে নিৰ্মাণ কৰি উলিয়ালে ৰংঘৰ, আইফেল টাৱাৰ।

ব্যতিক্ৰমী প্ৰতিভাৰ বিকাশেৰে সকলোৰে মাজত নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে গহপুৰৰ ৰেইলগেটৰ নিলোৎপল শইকীয়াই।

সম্প্ৰতি উচ্চ শিক্ষিত যুৱকজনৰ সৃষ্টিশীলতাক সকলোৱে শলাগ লোৱাৰ লগতে যুৱকজনৰ প্ৰতিভাই আকৰ্ষিত কৰিছে সকলোকে।

নিলোৎপলে জুইশলা কাঠিৰে অসমৰ স্বাভিমান, ৰংঘৰ, মন্দিৰ আৰু আইফেল টাৱাৰ সাজি উলিয়াইছে।

লগতে সাজি উলিয়াইছে সৰু আকৃতিৰে ভাৰতৰ বিভিন্ন কোম্পানীৰ ক্ৰিকেটৰ বেট।

আনহাতে অনাগত দিনত আন বহু সামগ্ৰী গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে নিলোৎপলে।

Leave a Reply

Your email address will not be published. Required fields are marked *