অসম

অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ দাবীত বিধানসভাৰ মূল প্ৰৱেশদ্বাৰত বিধায়িকা নন্দিতা দাসৰ প্ৰতিবাদ…

বিধানসভাৰ অধিৱেশন চলি থকাৰ মাজতে বিধানসভাৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদত বহিল কংগ্ৰেছী বিধায়িকা নন্দিতা দাস।

অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত নন্দিতা দাসৰ।

বিধান সভাৰ প্ৰৱেশ পথত বহি প্ৰতিবাদ সাব্যস্ত কৰা বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসে অসমৰ মাটি কোনো কাৰণতেই মেঘালয়ক এৰি দিয়া নহ’ব বুলি হুংকাৰ দিয়ে।

লগতে কংগ্ৰেছী বিধায়িকা নন্দিতা দাসে সীমান্ত অঞ্চলৰ ৰাইজৰ সুৰক্ষাৰ দাবীও তোলে। 

উল্লেখ্য যে বকো সমষ্টিৰ অন্তৰ্গত লাংপি অঞ্চলত এতিয়াও ভয়-ভাবুকিত দিন অতিবাহিত কৰিবলগীয়া হৈছে অসমৰ জনজাতীয় লোকসকলে।

Leave a Reply

Your email address will not be published. Required fields are marked *