অসম-মিজোৰাম সীমান্ত সমস্যাক লৈ কাইলৈ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসম-মিজোৰামৰ সীমান্ত সমস্যাক লৈ প্ৰধামন্ত্ৰীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী শৰ্মাই।

সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে থাকিব ৰাজ্যৰ বিজেপিৰ সাংসদ সকল।

উল্লেখ্য যে, বিগত ২৬ জুলাইত অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজোৰাম আৰক্ষীৰ সহযোগত মিজো দুৰ্বৃত্তই অসম আৰক্ষীৰ ছয়গৰাকীকৈ গুলীয়াই হত্যা কৰিছিল।

তাৰ পাছতে অসম-মিজোৰাম সীমান্তত অধিক উত্তেজনা বৃদ্ধি পাইছিল যদিও দুয়োখন ৰাজ্যৰ মাজত মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছতে পৰিস্থিতি কিছু সাম কাটে।

অৱশ্যে শনিবাৰে নিশা পুনৰ অসম-মিজোৰাম সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

মিজোৰাম অভিমুখী একাংশ বাহনলৈ শিলাবৰ্ষণ কৰে স্থানীয় ৰাইজে।

সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পিছত দুয়োখন ৰাজ্যৰ সীমান্ত সমস্যা সমাধানৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া হ’ব লক্ষণীয়।

Leave a Comment