অসম বঞ্চিত! দেশৰ ৫ ৰাজ্যৰ একাধিক জনগোষ্ঠীলৈ কেন্দ্ৰীয় কেবিনেটৰ জনজাতিৰ মৰ্যাদা…

কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত।

দেশৰ কেইবাটাও জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা।

দেশৰ ৫ ৰাজ্যৰ একাধিক জনগোষ্ঠীলৈ জনজাতিৰ মৰ্যাদা কেন্দ্ৰীয় কেবিনেটৰ।

ছত্তীশগড়, তামিলনাডু, কৰ্ণাটক, হিমাচল প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ একাধিক জনজাতিক অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ ক্ষেত্ৰত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে।

৫ ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্ত কেন্দ্ৰৰ।

সেই অনুসৰি ছত্তীশগড়ৰ ১২ টা জনগোষ্ঠীক অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব। এই দাবী বিগত ১৫ বছৰ ধৰি উত্থাপন হৈ আহিছিল।

হিমাচল প্ৰদেশত চিৰমৌৰ জিলাৰ ট্ৰেন্স-গিৰি অঞ্চলৰ হাট্টী সম্প্ৰদায়ক অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত।

তামিলনাডুৰ নাৰিকোৰাভান আৰু কুৰিভিক্কৰণ সকলক অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভুক্তৰ সিদ্ধান্ত।

ইয়াৰোপৰি কৰ্ণাটকৰ কাদু কুৰুবাৰ অৰ্থাত বেট্টা-কুৰুবক অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ।

কিন্তু জনজাতিকৰণৰ আওতালৈ নাহিল অসমৰ ছয় জনগোষ্ঠী।

অসমৰ ৬ জনগোষ্ঠীক লৈ লোৱা নহ’ল কোনো ধৰণৰ সিদ্ধান্ত।

সূদীৰ্ঘ দিন ধৰি চলি থকা আন্দোলনৰ পাছতো পূৰণ নহ’ল জনজাতিকৰণৰ দাবী।