অসম

সোণকোষ নদীৰ সমীপত জ্বলাই দিয়া হ’ল ১০ কোটি টকা মূল্যৰ গাঞ্জা আৰু বিদেশী চিগাৰেট

নিউজ ডেস্ক। কোকৰাঝাৰ জিলাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকী এলেকাৰ ৩১ নং (চি) ৰাষ্ট্ৰীয় ঘাইপথত বিভিন্ন সময়ত জব্দ হোৱা প্ৰায় ১০ কোটি মূল্যৰ গাঞ্জা আৰু বিদেশী চিগাৰেট মঙলবাৰে জ্বলাই নষ্ট কৰে প্ৰশাসনে।

জানিব পৰা মতে, শিমলুটাপু আৰক্ষীয়ে বিগত সময়ছোৱাত জব্দ কৰা ১১৬৩.৭ কেজি গাঞ্জা আৰু ১১৩ কার্টন বিদেশী চিগাৰেটৰ পেকেট মঙলবাৰে জাৰাগুৰিৰ সোণকোষ নদীৰ সমীপৰ টাপুৰ নিৰ্জন স্থানত জ্বলাই দিয়ে।

চৰকাৰী নিয়ম অনুসৰি গাঞ্জা আৰু বিদেশী চিগাৰেটৰ নমুনা সংগ্ৰহ কৰাৰ পিছত পুনৰ জোখমাপ কৰি সাম্প্ৰতিক ওজন নথিভূক্ত কৰাৰ পিছতে দহন কৰা হয়।

image 35

উল্লেখ্য যে, অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ গাঞ্জা, বিদেশী চিগাৰটকে ধৰি নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ কৰিড’ৰ ৰূপে পৰিগণিত হৈছে। এনে পৰিপ্ৰেক্ষিতত অঞ্চলটোত চলাই অহা তালাচী অভিযানত সময়ে সময়ে জব্দ হৈ আহিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী তথা মাদক দ্ৰব্য।

শ্ৰীৰামপুৰৰ শিমলুটাপু আৰক্ষীয়ে বিগত সময়ছোৱাত জব্দ কৰা ১০ কোটি টকা মূল্যৰ গাঞ্জা আৰু বিদেশী চিগাৰেটৰ পেকেটসমূহ মহকুমা আদালতৰ নিৰ্দেশ মর্মে শিমুলটাপু আৰক্ষী চকীৰ অন্তৰ্গত টাপুত ন্যায়িক দণ্ডাধীশ প্ৰিয়ংকা খাটনিয়াৰ, বিটিআৰৰ ভাৰপ্ৰাপ্ত আই জি পি ড০ এল আৰ বিষ্ণৈ উপস্থিতিত জ্বলাই দিয়া হয়।

এই নিচাজাতীয় সামগ্ৰীৰ দাহন কাৰ্যসূচীত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক পিটি বিজয় কুমাৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ, মহকুমাৰ প্ৰশাসনৰ সহকাৰী আয়ুক্ত মৃদুল বড়ো আদিকে ধৰি কেইবাজনো চৰকাৰী বিষয়ববীয়া উপস্থিত থাকে।

জানিব পৰা মতে, জব্দকৃত অবৈধ গাঞ্জাসমূহৰ বিৰুদ্ধে গোসাঁইগাঁও থানাত ১৯২/২০২১ আৰু ১৯৭/২০২১ নম্বৰৰ দুটা গোচৰ হৈ থকাৰ বিপৰীতে বিদেশী চিগাৰেট জব্দকৰণ সন্দৰ্ভত ৫২৪/২০২১ আৰু ৫৬৬/২০২১ নম্বৰৰ দুটা গোচৰ ৰুজু হৈ আছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *