অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা লাভলীনালৈ ৩ লাখ টকা উপহাৰ…

বিশ্ববাসীৰ সন্মুখত অসমৰ নাম উজলাই আজি মাতৃভূমিত উপস্থিত হয় বজ্ৰকন্যা লাভলীনা বৰগোহাঁই।

অসমত উপস্থিত হোৱাৰ লগে লগে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিপুল আদৰণি জনোৱা হয় লাভলীনাক।

এদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা লাভলীনাক সম্বৰ্ধনা জনাবলৈ গুৱাহাটীস্থিত কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অনুষ্ঠিত কৰা হয় বৃহত সভা।

উক্ত সভাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ ডি এছ পি চাকৰিত যোগদান কৰিবলৈ নিমন্ত্ৰণ জনায় লাভলীনা বৰগোহাঁইক।

এই অনুষ্ঠানত লাভলীনালৈ আগবঢ়ালে ১ কোটি টকাৰ চেক।

লগতে পেৰিছ অলিম্পিকলৈ প্ৰস্তুতি চলাবলৈ প্ৰতিমাহে লাভলীনালৈ চৰকাৰে আগবঢ়াব ১ লাখ টকৰা বিশেষ জলপানী।

ইয়াৰোপৰি গুৱাহাটী মহানগৰীত লাভলীনাৰ নামেৰে নামাকৰণ কৰা হ’ব এটা পথ।

আনহাতে সৰুপথাৰত ২৫ কোটি টকাৰে নিৰ্মাণ কৰা হ’ব ক্ৰীড়া প্ৰকল্প।

ইপিনে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰাও লাভলীনালৈ আগবঢ়োৱা হয় বিশেষ পুৰস্কাৰ।

অসম প্ৰদেশ কংগ্ৰেছে লাভলীনালৈ আগবডঢ়াই ৩ লাখ টকাৰ চেক আৰু মানপত্ৰ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সহ কেইবাগৰাকীও শীৰ্ষ নেতাই লাভলীনা শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই উপহাৰ আগবঢ়াই।

Leave a Comment