অসম-ত্ৰিপুৰা সীমান্তত জব্দ এহাজাৰ কেজি গাঞ্জা, এজনক আটক

নিউজ ডেস্কঃ কৰিমগঞ্জ জিলাৰ অসম-ত্ৰিপুৰা সীমান্তত আৰক্ষীয়ে অভিযান চলাই দুখন ডাম্পাৰৰে সৰবৰাহৰ সময়ত ১০০৩ কেজি গাঞ্জা জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ডাম্পাৰদুখন অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰী অঞ্চলত প্ৰৱেশ কৰাৰ সময়ত গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়।

image 145
অসম-ত্ৰিপুৰা সীমান্তত জব্দ এহাজাৰ কেজি গাঞ্জা, এজনক আটক 3

ইফালে গাঞ্জা সৰবৰাহৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰা লোকজনৰ নাম লিটন সৰকাৰ বুলি জানিবলৈ দিয়ে চুৰাইবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন দাসে।

আৰক্ষীয়ে বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, ত্ৰিপুৰাৰ পৰা অহা ডাম্পাৰ ট্ৰাক দুখনত নিয়মীয়া তালাচীৰ সময়ত চেম্বাৰৰ পৰা গাঞ্জাখিনি জব্দ কৰা হয়।

image 144
অসম-ত্ৰিপুৰা সীমান্তত জব্দ এহাজাৰ কেজি গাঞ্জা, এজনক আটক 4

প্ৰথমে এখন ডাম্পাৰৰ পৰা আৰক্ষীয়ে ৭৬৩ পেকেট গাঞ্জা উদ্ধাৰ কৰে। ইয়াৰ পিছতে দ্বিতীয় খন ডাম্পাৰত অভিযান চলাই মুঠ ১০০৩ কেজি গাঞ্জা জব্দ কৰে।

এই অভিযানৰ সময়ত এখন ট্ৰাকৰ চালক পলায়ন কৰিবলৈ সক্ষম হয় যদিও আনখন ট্ৰাকৰ চালকজনক আৰক্ষীয়ে আটক কৰে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে।

অন্যহাতে এই অভিযানৰ বিষয়ে টুইটযোগে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।