অসম তৃণমূল কংগ্ৰেছৰ পৰা শিখা শৰ্মাৰ পদত্যাগ…

অসম তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে শিখা শৰ্মাই।

ফেচবুক পোষ্টযোগে নেতৃগৰাকীয়ে ৰাজহুৱা কৰিছে পদত্যাগৰ কথা।

লগতে পদত্যাগৰ কথা ১৫ দিনৰ ভিতৰত ৰাজহুৱা কৰিব বুলিও উল্লেখ কৰিছে নেতৃগৰাকীয়ে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰিপুন বৰাৰ নেতৃত্বত তৃণমূলত যোগদান কৰিছিল শিখা শৰ্মাই।

অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল শিখা শৰ্মা।

হঠাতে নেতৃগৰাকীয়ে লোৱা এই সিদ্ধান্তই ব্যাপক চৰ্চা লাভ কৰিছে।