অসম চৰকাৰে পৰিশোধ কৰা নাই হোটেল ৰেডিশ্যন ব্লুৰ বিলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্কঃ বিগত ৩ দিন ধৰি মহানগৰীৰ বিলাসী হোটেল ৰেডিশ্যন ব্লুত বাহৰ পাতি আছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দল। বাতৰি অনুসৰি, ৪০ গৰাকী বিধায়কৰ থকা-খোৱাৰ বাবদ ৰেডিশ্যন ব্লুত প্ৰতিদিনৰ বিল উঠিছে প্ৰায় ৫৮ লাখ টকাকৈ।

কিন্তু মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কক গুৱাহাটীলৈ আমন্ত্ৰণ জনাই কোনে তেওঁলোকক বিলাসী আতিথ্য প্ৰদান কৰিছে বা হোটেলৰ বিল কোনে পৰিশোধ কৰিছে, সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰি আহিছে বিৰোধীয়ে।

এইবাৰ বিৰোধীৰ সেই প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে একনাথ শিণ্ডেৰ নেতৃত্বত ৰেডিশ্যন ব্লুত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ বাবে অসম চৰকাৰে কোনো ধৰণৰ পুঁজি যোগান ধৰা নাই।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘ৰেডিশ্যন ব্লুত অসমৰ ধন খৰচ কৰা হোৱা নাই। আৰ টি আইয়ে সেইটো প্ৰমাণ কৰিব।”

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, “মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ টকাৰ অভাৱ নাই যে আমি তেওঁলোকৰ বাবে দিব লাগিব।”

আনহাতে গুৱাহাটীত বাহৰ পাতি থকা বহিঃৰাজ্যৰ বিধায়ক সকলক উভতাই পঠিয়াবলৈ বিৰেোধীয়ে উত্থাপন কৰি অহা দাবী সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয়, “মহাৰাষ্ট্ৰৰ পৰা অহা বিধায়কসকলক আমি কিয় ঘৰলৈ পঠিয়াব লাগে? ৰেডিশ্যন ব্লু হোটেলত কাম কৰা সকলৰ কথা ভাবি চাওকচোন। তেওঁলোকৰ কি হ’ব?”

বিসম্বাদী বিধায়কসকলক খেদি পঠিয়াবলৈ আহ্বান জনোৱা শিৱসাগৰৰ বিধায়ক অখিল গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘’অখিলে বিচাৰে যে বিধায়কসকলক বাহিৰলৈ খেদি দিয়া হওক। তেওঁ কেৱল প্ৰতিবাদকাৰী লোকক হোটেলৰ পৰা উলিয়াই আনিবলৈ যুৱক-যুৱতীক নিবনুৱা কৰি ৰাখিব বিচাৰিছে।”

তেওঁ পুনৰ কয় ‘আমি অসমত উন্নয়ন আৰু গৌৰৱ বিচাৰো। অখিলে যি বিচাৰে সেয়া হ’ল ৰাজ্যখন দৰিদ্ৰ হৈ থকা। সেইবাবেই তেওঁ বাহিৰৰ পৰা অহা মানুহ হোটেলত থকাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে।”