‘অসম গৌৰৱ’ বটাঁ লাভ কৰা কল্পনা বড়োৰ দেহাৱসান…

‘অসম গৌৰৱ’ বটাঁ লাভ কৰা কল্পনা বড়োৰ দেহাৱসান।

অসম চৰকাৰৰ ‘অসম গৌৰৱ’ বটাঁ লাভ কৰা ৰৌতাৰ ভালুকমাৰীৰ বালিসিহা গাঁৱৰ কল্পনা বড়োৰ মৃত্যু।

আজি পুৱা ৰৌতা স্থিত বাসগৃহত মৃত্যু ঘটে কল্পনা বডো়ৰ।

দীৰ্ঘদিন ধৰি দুৰাৰোগ্য কৰ্কট ৰোগত ভোগি আছিল কল্পনা বড়োই।

২০২২ চনৰ ২৪ জানুৱাৰীত ৰাজহুৱা সেৱাৰ বাবে অসম গৌৰৱ বটা প্ৰদান কৰা হৈছিল কল্পনা বড়োক।

কল্পনা বড়ো এগৰাকী অংগনবাদী কৰ্মী আছিল।

কল্পনা বড়োৰ মৃত্যুত বড়ো সমাজত শোকৰ ছা পৰিছে।