অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল, ১১গৰাকী আৰক্ষী অধীক্ষকক বদলি…

অসম আৰক্ষীৰ ১১গৰাকী আৰক্ষী অধীক্ষকক বদলি।

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীক বশিষ্ঠৰ 1st APBNৰ কমাডেণ্ট হিচাপে বদলি।

কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰক কমাণ্ডো বেটেলিয়নলৈ বদলি।

কামাণ্ডো বেটেলিয়নৰ অধিনায়ক সঞ্জীৱ কুমাৰ শইকীয়াক কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক হিচাপে বদলি।

পশ্চিম গুৱাহাটীৰ DCP নৱনীত মহন্তক হাইলাকান্দিৰ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিয়া হয়।

SB (R&AC)ৰ আৰক্ষী অধীক্ষক শুভাশিস বৰুৱাক DCP (প্ৰশাসন)লৈ বদলি।

হেমন্ত কুমাৰ দাসক গুৱাহাটীৰ DCP (প্ৰশাসন)ৰ পৰা মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে বদলি।

প্ৰথম AFPFৰ অধিনায়ক দেৱাশিস বৰাক DCP (পশ্চিম) পদত বদলি।

হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ক SB (R&AC)ৰ আৰক্ষী অধীক্ষক পদলৈ বদলি।

কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙক কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক পদলৈ বদলি।

মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনক ধুবুৰীৰ আৰক্ষী অধীক্ষক হিচাপে বদলি।

লগতে ধুবুৰীৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপক তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়।