অসমৰ মুখ্যমন্ত্ৰীয়ে যদি কাজিৰঙাত সােমাব নােৱাৰে, তেন্তে কেনেকৈ গম পাব কাজিৰঙাত কি চলি আছেঃ মুখ্যমন্ত্ৰী

কাজিৰঙাত সদগুৰুৰ সৈতে নাইট ছাফাৰীক লৈ আৰম্ভ হোৱা বিতৰ্কক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কাজিৰঙাত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ কিছু সংখ্যক ব্যক্তিয়ে বিতৰ্ক কৰি ভাল পায়।

কিন্তু বিতৰ্ক ভালপোৱা ৯৯ শতাংশ লোককে এতিয়া অসমৰ ৰাইজে বিদায় দিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, এতিয়া এক শতাংহহে বাকী আছে।

তেওঁ কয়- মুখ্যমন্ত্ৰীয়ে কাজিৰঙা দৰ্শন কৰিব নোৱাৰে নেকি? নিশা কাজিৰঙা ভ্ৰমণ কৰি একো বেয়া কাম কৰা নাই। আমি এগৰাকী অতিথিক মাতি আনিছো। তেখেতে বহুমূলীয়া সময় আমাক দিছে। অসমীয়া মানুহে তাত কৃতজ্ঞ হৈ ধন্যবাদ দিব লাগে।

আনহাতে মুখ্যমন্ত্ৰীৰ ওপৰত গোচৰ তৰা সন্দৰ্ভত তেওঁ কয়- ‘মোৰ বিৰুদ্ধে গোচৰ দিলে মোৰ কিতো হ’বগৈ? আইন ভাঙিলেহে গ্ৰেপ্তাৰ কৰিব। কোনখন আইনৰ অধীনত কাজিৰঙালৈ মুখ্যমন্ত্ৰী যাব নোৱাৰে? অসমৰ মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত সোমাব নোৱাৰিলে কি চলি আছে কেনেকৈ পাব?

সদগুৰুৱে যিমান আশা লৈ অসমলৈ আহিছিল, তাৰ বিপৰীতে তেওঁক ঋণাত্মক ভাৱ এটা প্ৰদান কৰিহে ওভতাই পঠিওৱা হ’ল বুলি আক্ষেপ ব্যক্ত কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, দেশত সদগুৰুক ভালপোৱা লোকসকলে এতিয়া অসম আৰু অসমীয়া জাতিৰ বিষয়ে এটা ঋণাত্মক ধাৰণা গ্ৰহণ কৰিব। অসম খনত কেনেকৈ তলত পেলাব পাৰো এচাম লোকে তাকেই চিন্তা কৰি থাকে।

তেওঁ কয়- গুৱাহাটীৰ সমান মাটি আমেৰিকাই বিনামূল্যে দিছে সদগুৰুক। অসমলৈ অমূল্য ৰত্ন আহিলে আমি ধৰি ৰাখিব নোৱাৰো। চৰকাৰক বিৰোধিতা কৰক, সদগুৰুক কিয় বিৰোধিতা কৰিছে।

ছিংগাপুৰত নাইট ছাফাৰী নহয় নেকি বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, অভয়াৰণ্যত ৰাতি ছাফাৰী কৰাটোহে ফেশ্বন। দেশ-বিদেশৰ অভয়াৰণ্যত মানুহে ৰাতিয়ে যায়, লাইট জ্বলাই বন্য জীৱ-জন্তু চায়।

তেওঁ কয়- সদগুৰু আৰু ৰবি শংকৰৰ আগমনে কাজিৰঙাৰ বিশ্ব ঐতিহ্যক আৰু অধিক জনপ্ৰিয় কৰি তোলাত সহায় কৰিব। মই ভাবো এইবাৰ পৰ্যটকৰ সংখ্যা আগতকৈ ভাল হ’ব।