অসমৰ ভ্ৰাম্যমান জগতৰ প্ৰথম গৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য আৰু নাই…

অসমৰ ভ্ৰাম্যমান জগতৰ প্ৰথম গৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য আৰু নাই।

দেওবাৰে আবেলি ৫.৫০ বজাত শেষ নিশ্বাস ত্যাগ কৰে অনুপমা ভট্টাচাৰ্য।

ভ্ৰাম্যমাণৰ প্ৰথম গৰাকী নায়িকা আছিল অনুপমা ভট্টাচাৰ্য।

প্ৰবীন অভিনেত্ৰীগৰাকী গুৰুতৰভাৱে অসুস্থ হৈ আছিল।

অসমীয়া চলচিত্ৰ আৰু ভ্ৰাম্যমান জগতৰ শক্তিশালী অভিনেত্ৰী আছিল ভট্টাচাৰ্য।

চিৰাজ নাটকতো তেওঁ নায়িকা হিচাপে অভিনয় কৰিছিল।

কোভিডত আক্ৰান্ত হৈছিল অভিনেত্ৰীগৰাকী।

জিএমচিএইচৰ আইচিইউত ভৰ্তি কৰা হৈছিল তেওঁক।

শনিবাৰৰ নিশা ভৰ্তি কৰা হৈছিল জিএমচিএইচৰ আইচিইউত।

অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অভিনেত্ৰীগৰাকীৰ মৃত্যু ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে অপুৰণীয় ক্ষতি বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ।

ভট্টাচাৰ্যৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলে মুখ্যমন্ত্ৰীয়ে।

লগতে চাওকঃ

তীব্ৰবেগী ট্ৰেক্টৰে মহটিয়াই নিলে চাইকেল, ১১ বছৰীয়া শিশুৰ কৰুণ মৃত্যু

Leave a Comment