অসমৰ প্ৰাক্তন মন্ত্ৰী তথা আইনজ্ঞ আব্দুল মুহিব মজুমদাৰৰ বিয়োগ।
বুধবাৰে পুৱা প্ৰায় ৮.১৫ বজাত তেখেতৰ মৃত্যু হয়।
বিগত প্ৰায় এমাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল তেখেত।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।
আব্দুল মুহিব মজুমদাৰে ১৯৭০ৰ দশকত ৰাজনীতিত প্ৰৱেশ কৰিছিল।
তেওঁ ১৯৮৩-১৯৯১, ১৯৯৬-২০০১ আৰু ২০১১-২০১৬ বৰ্ষত বিধায়ক হিচাপে চাৰিবাৰ হাইলাকান্দি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
১৯৮৫ চনলৈকে হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত কংগ্ৰেছ মন্ত্ৰালয়ত মজুমদাৰ অসমৰ কেবিনেট মন্ত্ৰী হৈছিল।
১৯৯০ ৰ দশকত তেওঁ ইউপিপিএ (ইউনাইটেড পিপলছ পাৰ্টি অৱ আছাম) নামৰ এটা নতুন দল গঠন কৰে।
২০০১ চনলৈকে জলসিঞ্চন বিভাগৰ দায়িত্বত থকাৰ পিছত প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অগপ নেতৃত্বাধীন মিত্ৰজোঁট মন্ত্ৰালয়ত ১৯৯৬ চনত পুনৰ অসমৰ কেবিনেট মন্ত্ৰী হয়।
তেখেতৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো গভীৰ শোক প্ৰকাশ কৰে।
প্ৰাক্তন মন্ত্ৰী তথা আইনজ্ঞ আব্দুল মুহিব মজুমদাৰদেৱৰ বিয়োগত শোকাহত হৈছোঁ৷ দীৰ্ঘকালজুৰি অসমৰ সমাজ আৰু ৰাজনৈতিক ক্ষেত্ৰৰ সৈতে জড়িত হৈ থাকি তেখেতে যি অৱদান আগবঢ়াই গ'ল সেয়া স্মৰণীয় হৈ ৰ’ব ৷ তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ ৷ pic.twitter.com/bHBoc5acEL
— Himanta Biswa Sarma (@himantabiswa) November 3, 2021









