অসমৰ এখন বিশেষ থানা, ২০২১ বৰ্ষত থানাখনত ৰুজু হৈছে মাত্ৰ এটা গোচৰ! ক’ত এই থানাখন?

অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তৃতীয় স্থানত আছে অসম।

যি সময়ত ৰাজ্যত প্ৰতিদিনে সংঘটিত হয় হত্যা, হিংসা, ধৰ্ষণ, চুৰিৰ দৰে অপৰাধৰ ঘটনা, সেই সময়তে বছৰটোত মাত্ৰ এটা গোচৰ ৰুজুৰে অভিলেখ সৃষ্টি কৰিছে অসমৰে এখন আৰক্ষী থানাই।

ধেমাজি জিলাৰ জোনাইৰ চেঙাজান ঘাট আৰক্ষী থানাত ২০২১ৰ সম্পূৰ্ণ বছৰটোত ৰুজু হৈছে মাত্ৰ এটা গোচৰ। যাৰ বাবে এতিয়া এই থানাখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

লালী নৈৰ পাৰত অৱস্থিত থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, পূৰ্বে যথেষ্ট ব্যস্ত থানা হিচাপে পৰিচিত আছিল চেঙাজান ঘাট আৰক্ষী থানাও। কাৰণ সেই সময়ত ডিব্ৰুগড়লৈ লালী বুকুৰে নাওৰে যাতায়ত কৰিবলগা হৈছিল।

G5

কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিল দলং নিৰ্মান হোৱাৰ পিছতে লালী নৈৰ ঘাট একপ্ৰকাৰ বন্ধ হৈ পৰে। ফলস্বৰূপে অপৰাধৰ ঘটনাও অবিশ্বাস্যধৰণে হ্ৰাস পাবলৈ ধৰে।

মিছিং বসতিপ্ৰধান অঞ্চলটোৰ এইখন থানাত পূৰ্বেও বছৰত ১০টাতকৈ অধিক গোচৰ ৰুজু হৈ পোৱা নাই বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই। অঞ্চলটোৰ শান্তি আৰু সম্প্ৰীতিৰে বাস কৰা লোকসকলে সৰু-সুৰা হাই কাজিয়া গাঁও সভাতেই নিষ্পত্তি কৰি লয়।

আনহাতে ২০২১ বৰ্ষৰ একমাত্ৰ গোচৰটো পথাৰৰ ধান খোৱা বিষয়ক লৈ দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত ৰুজু কৰা হৈছিল বুলি চেঙাজান থানা আৰক্ষীয়ে জানিবলৈ দিয়ে।

থানাখনৰ এনে কম গোচৰৰ অভিলেখে এতিয়া অঞ্চলটোক ৰাজ্যৰ আটাইতকৈ শান্ত অঞ্চল হিচাপেও পৰিচিতি কৰাইছে।

লগতে চাওকঃ

ৰীল নহয়, ৰিয়েল লাইফত অটো চালকৰ ৰূপত বলিউডৰ ডাবাং খান, ভাইৰেল ভিডিঅ’

নৱবৰ্ষৰ পহিলা দিনটোতে দুঃখবৰ! বৈষ্ণো দেৱীত পদপিষ্ট হৈ ১২ জন নিহত, বহুলোক আহত

Leave a Comment