অসমীয়া মাধ্যমত ইংৰাজীত পঢ়ুওৱাটো চৰকাৰৰ অবৈজ্ঞানিক আৰু অদূৰদৰ্শী সিদ্ধান্তঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

নিউজ ডেস্কঃ অসমীয়া মাধ্যমত ইংৰাজী মাধ্যমৰ ব্যৱহাৰৰ সিদ্ধান্ত অবৈজ্ঞানিক আৰু অদূৰদৰ্শী বুলি পুনৰ এবাৰ মন্তব্য কৰিলে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

জামুগুৰিহাটৰ এক অনুষ্ঠানত অংশ লোৱাৰ পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অসমীয়া তথা মাতৃভাষাৰ মাধ্যমত তৃতীয় শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যম ব্যৱহাৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনায় আছুৰ নেতাগৰাকীয়ে।

তেওঁ কয় যে অসমীয়া ভাষাৰ প্ৰতিষ্ঠাৰ বাবে আন্দোলন হৈছিল। অসমীয়া ভাষাত উচ্চ শিক্ষা প্ৰদানৰ বাবে আন্দোলন হৈছিল। ইয়াৰ বাবে এচাম শ্বহীদ হৈছিল। এই ঐতিহাসিক পটভূমিক পাহৰি যাব নালাগিব। ঐতিহাসিক পটভূমিক আগত ৰাখি ছাত্ৰ-ছাত্ৰীসকলক প্ৰাসংগিকভাৱে এটা প্ৰতিযোগী মন লৈ আগুৱাই নিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলি মন্তব্য কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

আনহাতে অসম বিজ্ঞান সমিতিয়েও চৰকাৰৰ সিদ্ধান্তক ভুল সিদ্ধান্ত বুলি কোৱা বুলিও মন্তব্য কৰে আছুৰ উপদেষ্টাগৰাকীয়ে। তেওঁ লগতে চৰকাৰে মাধ্যমৰ ওপৰত হাত দিয়াতকৈ মাতৃভাষাৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে দাবী জনায়।