অসমীয়া ভাষাত চিকিৎসা শিক্ষা সম্ভৱপৰ, বিশেষজ্ঞ সকলে শব্দ সংগ্ৰহৰ কাম কৰি আছেঃ শিক্ষামন্ত্ৰী…

ৰাজ্যৰ চৰকাৰী বিদ্যালয় সমূহত বিজ্ঞান আৰু গণিত বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়োৱা হ’ব বুলি কেবিনেটে লোৱা সিদ্ধান্তক কেন্দ্ৰ কৰি বিভিন্ন দল-সংগঠনে অসন্তুষ্টি প্ৰকাশ কৰি থকাৰ সময়তে শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৱে কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য।

তৃতীয় শ্ৰেণীৰ পৰা অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী শিক্ষাই শিক্ষাৰ্থীসকলক লাভান্বিত কৰিব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

তেওঁ কয়, ‘এই ব্যৱস্থাই অসমীয়া ভাষাৰ কোনো ক্ষতি নকৰে। বৰং ইয়ে উপকৃতহে কৰিব অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহক। অসমীয়া মাধ্যমৰ কোনো বিদ্যালয় বন্ধ নহয়’।

কিছুমানে নতুন শিক্ষা ব্যৱস্থাক লৈ আতংকৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰি ৰাজ্যৰ দল সংগঠন সমূহক আলোচনাৰ বাবে আহিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

ধেমাজি সমষ্টিত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ উদাহৰণ দি তেওঁ কয়- বিদ্যালয়খনত আসনৰ সংখ্যা ১০০ কিন্তু আবেদনৰ সংখ্যা ২০০০। ইয়াৰ পৰাই অনুমান কৰিব পাৰি ইংৰাজী মাধ্যমৰ প্ৰতি মানুহৰ আগ্ৰহ।

আনহাতে তেওঁ কয়- অসমীয়া ভাষাত চিকিৎসা মহাবিদ্যালয় অসম্ভৱ নহয় , ই সম্ভৱপৰ। পূৰ্ণ গতিত কাম কাজ চলি আছে। বিশেষজ্ঞ সকলে শব্দৰ সংগ্ৰহৰ কাম কৰি আছে।