অসম

অসমত পুনৰ আৰক্ষীৰ জালত জেহাদী, নামনি অসমত গ্ৰেপ্তাৰ চৈয়দ আহমেদ…

অসমত পুনৰ আৰক্ষীৰ জালত জেহাদী।

বৰপেটাৰ পিছত এইবাৰ বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আন এজন জেহাদীক।

গ্ৰেপ্তাৰ হোৱা জেহাদীজনক চৈয়দ আহমেদ(২৫) বুলি চিনাক্ত কৰিছে।

বঙাইগাঁৱৰ মাণিকপুৰ থানাৰ অধীনৰ ভাণ্ডাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে চৈয়দ আহমেদক।

আনহাতে অভিযান কালত আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে হামিদুল ইছলাম নামৰ আন এজন জেহাদী।

হামিদুলৰ ঘৰ যোগীঘোপাৰ পাল্লিৰতলত বুলি আৰক্ষীয়ে জনায়।

হামিদুল পেচাত এগৰাকী বাইক মেকানিক।

ইয়াৰ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জেহাদী ইমৰাণ হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে চৈয়দ আহমেদক।

লগতে আৰক্ষীয়ে জেহাদীক উৎসাহ যোগোৱা কিতাপৰ লগতে আন বহুতো নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *