অসমত নতুনকৈ স্থাপন হ’ব ৫খন সৈনিক স্কুলঃ শিক্ষামন্ত্ৰী…

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।

অসমত নতুনকৈ স্থাপন হ’ব ৫খন সৈনিক স্কুল।

এই কথা সদৰি কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুই।

পি পি পি মোডত স্থাপন হ’ব এই সৈনিক স্কুল কেইখন।

ইয়াৰ বাবে যাৱতীয় প্রক্রিয়া আৰম্ভ হৈছে বুলিও ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদৰি কৰিছে।

শিক্ষামন্ত্ৰীগৰাকীয়ে কয়- পি পি পি মোডত সৈনিক স্কুল স্থাপনৰ বাবে ভাৰত চৰকাৰৰ ৰক্ষা মন্ত্ৰালয়তে লোৱা সিদ্ধান্ত অনুসৰি অসমত অতিৰিক্ত ৫ খন সৈনিক স্কুল স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। ইতিমধ্য মাটিৰ আৱন্তন হৈ গৈছে।

এই সৈনিক স্কুল পাঁচখন শিলচৰ, কোকৰাঝাৰ, গোলাঘাট, কাৰ্বিআংলং আৰু ধেমাজিত নিৰ্মাণ হ’ব বুলিও সদৰি কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, সমগ্ৰ ভাৰতবৰ্ষত বৰ্তমানলৈ ৩৩ খন সৈনিক স্কুল আছে। ইয়াৰ ভিতৰত এখন অসমৰ গোৱালপাৰা জিলাত আছে।