অসমঅসমীয়া

অসমত জেহাদী গ্ৰেপ্তাৰৰ ঘটনাক লৈ কি ক’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই?

নিউজ ডেস্ক। অসমত সক্ৰিয় হৈ আছে একাধিক জেহাদী আৰু মৌলবাদী চক্ৰ।

এই কথা সদৰী কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰৰ হাতত থকা তথ্য অনুসৰি, অসমৰ বিভিন্ন প্ৰান্তত সক্ৰিয় হৈ আছে এই মৌলবাদী, জেহাদী চক্ৰ।

179
অসমত জেহাদী গ্ৰেপ্তাৰৰ ঘটনাক লৈ কি ক’লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই? 3

উল্লেখ্য যে, শনিবাৰে বৰপেটাত আৰক্ষীয়ে অভিযান চলাই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰে জড়িত থকাৰ সন্দেহত এজন বাংলাদেশী নাগৰিকসহ ৫ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বাংলাদেশী নাগৰাকিজনে বৰপেটাত অসমৰ লোক কেইজনক জেহাদৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল।

জেহাদীৰ বিৰুদ্ধে চলোৱা এই অভিযানক অসম আৰক্ষীৰ এক বৃহৎ সফলতা হিচাপে অভিহিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমত সক্ৰিয় হৈ থকা এনে জেহাদী, মৌলবাদী চক্ৰৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বিভিন্ন তথ্যৰ ভিত্তিত অভিযান চলাই যাব।

আনহাতে ধৃত জেহাদী কেইজনক চলোৱা জেৰাৰ সময়ত পোহৰলৈ অহা তথ্যই ভৱিষ্যত অসমৰ কাৰণে এক অমংগলৰ সংকেত কঢ়িয়াই আনিছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে এনে চক্ৰ উৎখাত কৰিবলৈ অসম চৰকাৰ বহুখিনি কাম কৰিবলৈ দায়বদ্ধ বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Leave a Reply

Your email address will not be published. Required fields are marked *