অসম

অ’মিক্ৰণক লৈ ৰাজ্য চৰকাৰৰ নতুন SOP জাৰি, সবিশেষ চাওক…

ক’ভি়ডৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণক লৈ ৰাজ্য চৰকাৰৰ নতুন SOP জাৰি।

ভাৰততো শেহতীয়াকৈ অ’মিক্ৰণৰ সংক্ৰমণ ধৰা পৰাৰ পিছতে অসমত ক’ভিড সম্পৰ্কীয় নতুন SOP জাৰি কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। 

সেই অনুসৰি বিদেশ ভ্ৰমণ কৰি অহা যাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে ৰাজ্যৰ বিমান বন্দৰত অৱতৰণৰ পাছত ক’ভিড পৰীক্ষণত নিগেটিভ হ’লেও ন্যূনতম ৭ দিনৰ বাবে হোম কোৱাৰেণ্টিনত থাকিব লাগিব। 

অসম অভিমুখী বা অসমৰ পৰা যোৱা প্ৰতিগৰাকী বিমানযাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে বিমান যাত্ৰাৰ পূৰ্বেই বিগত ১৪ দিনৰ বিদেশ ভ্ৰমণ বৃত্তান্তসহ ‘এয়াৰসুবিধা’ প’ৰ্টেলত দাখিল কৰাৰ লগতে ভ্ৰমণৰ ৭২ঘণ্টাৰ ভিতৰত কৰা ক’ভিড RTPCR পৰীক্ষাৰ নিগেটিভ ৰিপোৰ্ট আপলোড কৰিব লাগিব।

বিমানত উঠাৰ পূৰ্বেই এয়াৰ সুবিধা প’ৰ্টেলৰ জৰিয়তে বা এয়াৰলাইন্স কৰ্তৃপক্ষৰ ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক বিমান যাত্ৰীয়ে ক’ভিড সন্দৰ্ভত গৃহ বা প্ৰতিষ্ঠানিক কোৱাৰেণ্টিনত থাকিবলৈ চৰকাৰী কৰ্তৃপক্ষই দিয়া সিদ্ধান্ত পালন কৰিবলৈ সন্মতি জনাই স্বঘোষণা দাখিল কৰিব লাগিব।

ইতিমধ্যে অমিক্ৰণৰ সংক্ৰমণ ঘটা দেশসমূহৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত বিমানবন্দৰত অধিক কঠোৰ সতৰ্কতামূলক ব্যৱস্থাৰ লগতে বিশেষ ক’ভিড প্ৰট’কল অনুসৰণ কৰা হ’ব।

বিমানবন্দৰত অৱতৰণৰ পাছত ক’ভিড পৰীক্ষণৰ বাবে যাত্ৰীয়ে নমুনা দিব লাগিব।

বিমানবন্দৰত অৱতৰণৰ পাছত ন্যূনতম শাৰীৰিক দূৰত্বকে ধৰি সকলো ক’ভিড প্ৰট’কল মানি যাত্ৰীয়ে বিমানৰ পৰা নামিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *