অপহৃত কিশোৰীক উদ্ধাৰৰ বাবে উৎকোচ বিচৰা আৰক্ষী বিষয়া আব্দুছ ছামাদক ৰিজাৰ্ভ ক্ল’জ…

পুনৰ উৎকোচ লোৱাৰ অভিযোগত শাস্তিৰ সন্মুখীন হ’ল এগৰাকী আৰক্ষী বিষয়া।

বঙাইগাঁৱ জিলাৰ আৰক্ষী বিষয়া আব্দুছ ছামাদক ৰিজাৰ্ভ ক্ল’জ।

আব্দুছ ছামাদ কোকিলা আৰক্ষী নিৰিক্ষণ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া।

১২ হাজাৰ টকা উৎকোচ বিচৰাৰ অভিযোগ আব্দুছ ছামাদৰ বিৰুদ্ধে।

জানিব পৰা মতে, এগৰাকী অপহৃত কিশোৰীৰ উদ্ধাৰৰ বাবে আৰক্ষী বিষয়া ছামাদে বিচিৰিছিল এই ধন।

এই কথা পোহৰলৈ অহাৰ পিছতে ছামাদক ৰিজাৰ্ভ ক্ল’জ কৰা হয়।