অপশক্তিৰ উচতনিত সংঘটিত হৈছে গৰুখুঁটি কাণ্ড, আইন হাতত ল’লে চৰকাৰে বহি নাথাকেঃ অতুল বৰা…

গৰুখুঁটিৰ উচ্ছেদক লৈ ৰাজ্যত বৰ্তমানেও অব্যাহত আছে উত্তেজনা।

উচ্ছেদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাক লৈ চৰকাৰ প্ৰশাসনক তীব্ৰ সমালোচনা কৰিছে বিৰোধী ৰাজনৈতিক দল সমূহে।

গৰুখুঁটিৰ ঘটনাক লৈ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী অতুল বৰাই।

মন্ত্ৰী অতুল বৰাই কয়- আইন হাতত ল’লে চৰকাৰে মনে মনে বহি নাথাকে৷ চৰকাৰী কামত বাধা প্ৰদান কৰিলে কোনেও হাত সাবটি বহি থাকি নোৱাৰে৷ দলৱদ্ধভাৱে আক্ৰমণ চলোৱাৰ ফলত সমগ্ৰ ঘটনা পূৰ্বপৰিকল্পিত বুলি প্ৰমাণিত কৰিছে৷

বঙাইগাঁও উপায়ুক্ত কাৰ্যালয়ত আয়োজিত এক বিভাগীয় পৰ্যালোচনা বৈঠকত অংশ লৈ মন্ত্ৰী বৰাই কৃষি পামৰ কামত বাধা প্ৰদান কৰাৰ বাবে অপশক্তিৰ উচতনিত সমগ্ৰ ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰে৷

মন্ত্ৰী বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সোপনৰ প্ৰকল্প হিচাপে গ্ৰহণ কৰি কৃষিপাম স্থাপনৰ কাম আগুৱাই নিয়া হৈছে৷ ইয়াৰ বাবে অঞ্চলটোত বেদখলকাৰীসকলক অইনগতভাৱে সংস্থাপন দিয়াৰ ব্যৱস্থাও লোৱা হৈছিল৷ কিন্তু হঠাতে উচ্ছেদ কাৰ্যত বাধা প্ৰদান কৰি একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

আনহাতে, গৰুখুঁটি কাণ্ডৰ আঁৰত কংগ্ৰেছ, এআইইউডিএফৰ হাতত থাকিব পাৰে বুলি মন্ত্ৰী বৰাই সন্দেহ প্ৰকাশ কৰে৷

Leave a Comment