অসমঅসমীয়া

‘অনেক’ৰে বলীউডত পদাৰ্পণ, কিদৰে অভিনয়ৰ সুযোগ লাভ কৰিলে মৰিগাঁৱৰ পৰাগে…

নিউজ ডেস্কঃ জীৱনত প্ৰথমবাৰ ছবিগৃহলৈ আহি চিনেমা উপভোগ কৰিলে পৰাগে। আৰু পৰাগে ছবিগৃহত উপভোগ কৰা প্ৰথমখন ছবিৰ নামেই হৈছে ‘অনেক’।

সদ্য মুক্তিপ্ৰাপ্ত ‘অনেক’ বক্স অফিচত এখন সফল ছবি হিচাপে পৰিগণিত হৈছে। উত্তৰ পূবৰ আৰ্থ-সামাজিক, সন্ত্ৰাসবাদক লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন।

আয়ুষ্মান খুৰানা অভিনীত এই ছবিখনৰ এটা চৰিত্ৰত অভিনয় কৰিছে মৰিগাঁৱৰ পৰাগেও।

photo1653800328

মৰিগাঁও জিলাৰ মানিপুৰৰ দৰিদ্ৰ পৰিয়ালৰ ল’ৰা পৰাগ মেধি। শাৰিৰীক কচৰতৰ পৰি থকা দুৰ্বাৰ হেঁপাহেই ১৭ বছৰীয়া যুৱকজনৰ বলিউডৰ ছবিত অভিনয় কৰাৰ সুযোগ প্ৰদান কৰে।

ছবিখনত এজন সন্ত্ৰাসবাদীৰ চৰিত্ৰত অভিনয় কৰা পৰাগ মেধিয়ে ছবিখনত মুক্তি লাভৰ পিছতে মৰিগাঁৱৰ ৰয়েল চিনেজ চিনেমাহলত ‘অনেক’ উপভোগ কৰে আৰু ডাঙৰ পৰ্দাত নিজক দেখি আনন্দ ব্যক্ত কৰে।

photo1653800376

উল্লেখ্য যে, বাঁহনীৰ তলত সামান্য সা-সুবিধাৰে পৰাগ আৰু তেওৰ বন্ধুৱে শাৰিৰীক কচৰৎ কৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। সেই ভিডিঅ’ৰ জৰিয়তেই ‘অনেক’ ছবিখনৰ পৰিচালকে পৰাগক চিনাক্ত কৰি ছবিখনৰ বাবে বাচনি কৰে।

তাৰ পিছতে কাজিৰঙাত ২১ ধৰি চলে ছবিখনৰ শ্বুটিং। অনুভৱ সিনহাৰ দ্বাৰা পৰিচালিত ছবিখনৰ পোষ্টাৰতো আয়ুষ্মান খুৰানাৰ সৈতে স্থান লাভ কৰিছে পৰাগে।

‘অনেক’ত অভিনয় কৰি লাভ কৰা পাৰিশ্ৰমিকৰে ১৪ হাজাৰ টকাত এটা মোবাইল ফোন ক্ৰয় কৰিছে পৰাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *