অসম

অনুমতি অবিহনে কাজিৰঙাৰ ভিতৰত প্ৰৱেশ বিদেশী পৰ্যটকৰ, গঁড়ৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ প্ৰৱেশদ্বাৰ মিহিমুখত অঘটন।

বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘা কৰি কাজিৰঙাৰ ভিতৰত এজন বিদেশী পৰ্যটকৰ।

যাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ মাজত।

জানিব পৰা মতে, বিদেশী পৰ্যটক গৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰভাগত অনাধিকাৰভাৱে প্ৰৱেশ কৰে।

ইয়াৰ পিছতে বিদেশী পৰ্যটকজনক লক্ষ্য কৰি এটা গড়ে খেদি আহে।

অৱশেষত গড়টোৰ আক্ৰমণৰ পৰা বিদেশী পৰ্যটকজনৰ প্ৰাণ ৰক্ষা কৰাৰ বাবে বন বিভাগৰ লোকে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়।

ইয়াৰ পাছতে বন বিভাগৰ লোকে বিদেশী পৰ্যটকজনক আটক কৰে আৰু কঁহৰা আৰক্ষীৰ হাতত গটাই দিয়ে।

বিদেশী পৰ্যটকজনে বন বিভাগৰ লোকসকলক বেয়া ব্যাৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে।

লগতে চাওকঃ

জীয়ৰীক চৰ মাৰিছিল শিক্ষকে, খঙতে বন্দুক লৈ স্কুলত উপস্থিত হ’ল সৈনিক পিতৃ! তাৰ পিছত…

Leave a Reply

Your email address will not be published. Required fields are marked *