অতি শোকাৱহ! নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল মনোৰঞ্জনৰ…

এক অতি শোকাৱহ ঘটনা।

নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এগৰাকী ছাত্ৰৰ।

কোকৰাঝাৰৰ সৰলপাৰাত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

বঙাইগাঁৱৰ মনোৰঞ্জন দাস (২১) নামৰ এজন ছাত্ৰৰ সলিল সমাধি।

জানিব পৰা মতে, কোকৰাঝাৰৰ সৰলপাৰাত সহপাঠিৰ সৈতে ফুৰিবলৈ গৈছিল মনোৰঞ্জনে।

ফুৰিবলৈ গৈ বন্ধুৰ সৈতে নৈত গা ধুবলৈ গৈ উটি যায় ছাত্ৰজন।

ছাত্ৰজনক স্থানীয় লোকে উদ্ধাৰ কৰে যদিও যদিও মৃত্যু হয় ছাত্ৰজনৰ।

ছাত্ৰজন বঙাইগাঁও মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ স্নাতক বৰ্ষৰ ছাত্ৰ।